logo

আকৌ BPF,Congress আৰু AIUDF দলত খহনিয়া।

আজি ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সভষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি গোলকগঞ্জ মণ্ডলৰ উদ্যোগত হাতীধুৰা চিলায় ভবন প্ৰাঙ্গনত এখন যোগদান সভা অনুষ্ঠিত হয়। এই সভাত প্ৰায় ২০০ ৰো অধিক BPF দলৰ পৰা,কংগ্ৰেছ দলৰ ২৩০ জন আৰু এ,আই,উই,ডি,এফ দলৰ পৰা প্ৰায় ১২৮ জন নেতৃত্ব আৰু সদস্য সদস্যায় বিজেপি দলত যোগদান কৰে। উল্লেখ থাকে যে আজিৰ একে দিনতে এই অঞ্চলতেই এ,আই,ইউ,ডি,এফ দলৰো এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। লক্ষনীয় বিষয় যে এ,আই,ইউ,ডি,এফ দল সেইখন সভাত যেনেধৰনৰে ৰাইজ উপস্থিত হব লাগিছিল সেইমতে ৰাইজৰ উপস্থিতি দেখা নগল। ইয়াৰ পৰা অনুমান হয় যে, এ,আই,ইউ,ডি,এফ দলৰ প্ৰতি ইসলাম ধৰ্মালম্বী ৰাইজৰ পূৰ্বত যি ধৰনৰ ভৰষা বিশ্বাস আছিল সেয়া বহুগুনে হ্ৰাস হোৱা প্ৰতিলক্ষিত হল আজিৰ সভাৰ উপস্থিতিত।

64
3776 views